দ্বিতীয় জন ফখৰুদ্দিন আলি আহমেদ পাবলৈ সক্ষম নে বৰপেটাবাসী ? - Alternative Media Forum

Breaking

Post Top Ad

Post Top Ad

Entertainment

Tuesday, 2 April 2019

দ্বিতীয় জন ফখৰুদ্দিন আলি আহমেদ পাবলৈ সক্ষম নে বৰপেটাবাসী ?

ফখৰুদ্দিন আলি আহমেদৰ নাম নজনা অসমীয়া হয়তো এজন ও নোলাৱ (প্রথম আৰু একমাত্র অসমীয়া ৰাষ্ট্রপতি ), এইজন যুগ নির্মাতাই জনিয়া সমষ্টিক প্রতিনিধ্ত্ব কৰিছিল – ১৯৫৭-৬২ আৰু ১৯৬২-৬৭ চন লৈকে যিনে সমষ্টিৰ প্রতিটো চুকে কোণে নিজৰ সপোন বোৰ ৰুইচিল কিন্তু কালৰ সোতত বাস্তব কৰিব পৰা নাছিল ! তেখেত বৰপেটা লোকসভাৰ পৰাই সংসদলৈ নির্বাচিত হৈ কেন্দ্রীয় মন্ত্রীও হৈছিল। ইতিহাস যেন আকৌ পুনৰাবৃত্তি কৰিব বিচাৰি আছে আৰু বৰপেটাবাসীৰ সেউজ সংকেতৰ অপেক্ষাৰত।




ইতিহাসৰ পাত লুটিয়াই লুটিয়াই চফল ডেকা সাংবাদিক আ: খালেক চাহেবে ফখৰুদ্দিন আলি আহমেদৰ সপোন বোৰক বাস্তব কৰিবলৈ ৰাজনীতিত যোগ দিয়ে ! ভাগ্য সুপ্রসন্ন আছিল অতিকৈ পিছপৰা বৰতাৰী গাঁওৰ কৃষক পুত্র আব্দুল খালেকে ২০০৬ চনত জনিয়াৰ বিধায়ক নির্বাচিত হয় ! খালেক চাহাবে চৰকাৰী ৰঙা ফিটাত আবদ্ধ হৈ থকা কাম বোৰ নতুনকৈ আৰম্ব করে ! যাৰ ফলশ্রুতিত কলগাচিয়া পূর্ণ আৰক্ষী থানা ঘোষনা হয় যাতে মহকুমা হোৱাত কোনো প্রোটকল জাতীয় বাধা নাহে ! শেষত মহকুমাও ঘোষিত হয়। বৰপেটা চিভিল হস্পিটাল কলগাছিয়াত স্থাপন হয়। অভয়াপুৰী ভায়া হৈ বৰপেটা সংযোগী পথ নির্মান আৰম্ব হয় আৰু দুখন কৈ বৃহৎ পকী দলং নির্মান হয় ( মানাহ নদীত এখন আৰু বেকী নদীত এখন ) ! ৰাষ্টীয় ব্যাঙ্কৰ শাখা কলগাচিয়াত স্থাপন কৰাত আগভাগ লয় ! অসম সাহিত্য সভাৰ কলগাচিয়া অধিবেশন ১০০% সংখ্যালগু বসতি প্রধান অঞ্চলত অনুষ্ঠিত হোৱাত খালেক চাহাবৰ অবদানক কোনোৱ নুই কৰিব নোৱৰে ! এই অধিবেশনৰ দ্বাৰা বুজাই দিয়াৰ চেষ্টা কৰা হৈছিল -” অসমীয়া ভাষাৰ ভবিষ্যত এই তথাকথিত মিঞা সকলৰ হাতত, চৰ-চাপৰিবাসীয়েই জীয়াই ৰাখিব ! অসমীয়া ভাষা, চৰ-চাপৰিৰ মিঞা সকলৰ চৰ্চা অবিহনে কালৰ বুকুত হেৰাই নেযাব বুলি কোনোৱে নদি কব নোৱাৰে !”

এইখিনিতে এটা কথা উনুকিযাব বিচাৰো – এইজনেই সেই আব্দুল খালেক যিয়ে কলেজীয়া ছাত্র জীবনত প্রাক্তন আছু নেতা শংকৰ প্রসাদ ৰায়ক নির্বাচনত হৰুবাই ছাত্র একতা সভা দখল কৰিছিল ! আজিও তেখেতৰ সেই একে উদ্যম দেখা পোৱা যায় !নামনি অসমৰ এটা বলিষ্ঠ কন্ঠ , তেওঁক আপুনি বেয়া পাব পাৰে কিন্তু উলাই কৰিব নোৱাৰে। তেওঁৰ কথন শৈলীৰ সৈতে বা তেওঁৰ মতৰ সৈতে আপুনি একমত নহ’ব পাৰে কিন্তু তেওঁৰ বাকপটুতা, কৰ্মদক্ষতা, দুৰদৰ্শিতা, নিপুণতা, সংগঠক হিচাবে, নেতৃত্বক আপুনি স্বীকাৰ কৰিবই লাগিব। তেওঁক এচামে বেয়া পালেও এটা বৃহৎ চামে কিন্তু তেওঁক নিস্বাৰ্থভাৱে ভাল পায় । কাৰণ মাটিৰ সৈতে সম্পৰ্ক থকা সমস্যাৰ বিষয়ে তেওঁ অৱগত কামৰ মানুহ । তেখেত এইবেলি বৰপেটা লোকসভা সমষ্টিৰ কংগ্রেছ দলৰ প্রার্থী আব্দুল খালেক চাহাব ! ব্যক্তিগত ভাবে লগ পোৱা বা টেলিভিচনৰ পর্দাত দেখা প্রতি জন ব্যাক্তিয়েই স্বীকাৰ কৰিব লাগিব যে দ্বিতীয় জন ফখৰুদ্দিন আলি আহমেদ হোৱাৰ পথত!

ফখৰুদ্দিন আলি আহমেদৰ সপোন বোৰ বাস্তব কৰিব পাৰিব নে নোৱাৰে সেযা সময়ে আৰু বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে উত্তৰ দিব !

No comments:

Post a Comment

Post Top Ad